অসম ফুটবল সন্থাৰ কোষাধক্ষ্য, সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ প্ৰতিযোগিতা সমিতিৰ সদস্য তথা অসম অলিম্পিক সন্থাৰ যুটীয়া সম্পাদক হীৰেণ গগৈ ডাঙৰীয়াই ক্ৰীড়াপ্ৰেমী ৰাইজলৈ আগবঢ়োৱা অনুপ্ৰেৰণাদায়ক বাৰ্তাৰ বাবে তেখেতলৈ যোৰহাট জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা জনালোভ আন্তৰিক কৃতজ্ঞতা তথা ধন্যবাদ।
আগন্তুক ৫ ছেপ্টেম্বৰৰ পৰা ১৪ ছেপ্টেম্বৰলৈ যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই ঐতিহ্যমণ্ডিত প্ৰতিযোগিতাত আপোনালোক সকলোৰে উপস্থিতি আৰু সহযোগিতা একান্তভাৱে কামনা কৰিলোঁ।
Jorhat District Sports Association
Welcome to the official page of Jorhat District Sports Association.
Follow us to stay updated with all the latest news and information about sports in Jorhat. ✨🏅
29/08/2026
যোৰহাটৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে এক ঐতিহাসিক ক্ষণ। যোৰহাটত ক্ৰিকেটৰ ঐতিহ্য আৰু গৌৰৱোজ্বল ইতিহাস বৰ্তাই ৰাখিবলৈ যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত, পশ্চিম যোৰহাট খেলপথাৰত স্থাপন হ'ল যোৰহাট ক্ৰিকেট একাডেমীৰ আধাৰশিলা।
যোৰহাটৰ পৰা ধাৰাবাহিকভাৱে ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ সৃষ্টিৰ লক্ষ্যৰে যোৰহাট জিলা ক্ৰীড়া সন্থাই পশ্চিম যোৰহাট খেলপথাৰত স্থাপন কৰিছে যোৰহাট ক্ৰিকেট একাডেমী। যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শ্ৰী শান্তনু পূজাৰীয়ে স্থাপন কৰে যোৰহাট ক্ৰিকেট একাডেমীৰ আধাৰশিলা।
আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন ৰঞ্জী ট্ৰফী খেলুৱৈ নৰেন সভাপণ্ডিত, পংকজ শ্ৰুতিকৰ, ধ্ৰুৱজ্যোতি সভাপণ্ডিত, প্ৰাক্তন ক্রিকেট খেলুৱৈ অৰূপ বৰঠাকুৰ, যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সম্পাদক জুল খাউণ্ড, পশ্চিম যোৰহাট ক্ৰীড়া সন্থাৰ সভাপতি অৰুণ বৰপাত্ৰগোহাঁইকে প্ৰমুখ্যে কৰি বহু বিশিষ্ট ব্যক্তি আৰু যোৰহাট জিলা ক্ৰীড়া সন্থা আৰু পশ্চিম যোৰহাট ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকল।
যোৰহাট জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত অভিজ্ঞ আৰু স্বীকৃতিপ্ৰাপ্ত প্ৰশিক্ষকৰ দ্বাৰা যোৰহাট ক্ৰিকেট একাডেমীত খেলুৱৈসকলক প্ৰশিক্ষণ প্ৰদান কৰা হ'ব আৰু প্ৰতিভাৱান খেলুৱৈ সৃষ্টিত গুৰুত্ব দিয়া হ'ব। যোৰহাটত স্থাপন হ'বলগীয়া ক্ৰিকেট একাডেমীখনৰ প্ৰতি যোৰহাটবাসী আৰু ক্ৰীড়াপ্ৰেমীসকলৰ সহায়, সহযোগিতা আৰু সমৰ্থন কামনা কৰিছে যোৰহাট জিলা ক্ৰীড়া সন্থাই। Santanu Puzari Jul Khound
29/08/2026
যোৰহাট জিলা ক্ৰীড়া সন্থাৰ পঞ্জীয়নভুক্ত উদীয়মান খেলুৱৈ সুশান্ত পেটেল আৰু ৰেহন আহমেদৰ অকাল বিয়োগত সন্থাই গভীৰ শোক আৰু মৰ্মাহত অনুভৱ প্ৰকাশ কৰিছে। এই দুৰ্ভাগ্যজনক ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। সন্থাই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে প্রয়াত উভয়ৰে আত্মাৰ চিৰশান্তি আৰু সদগতি কামনা কৰিছে।
29/08/2026
খেলপথাৰখনেই শিকায় জীৱনৰ আচল অনুশাসন, একতা আৰু আগুৱাই যোৱাৰ প্ৰেৰণা। আহক, আজিৰ দিনটোত আমি খেলুৱৈসুলভ মনোভাৱ আৰু সবল ক্ৰীড়াসংস্কৃতি গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি লওঁ।
28/08/2026
A proud step towards the future of cricket in Jorhat!
Jorhat District Sports Association, in collaboration with Pachim Jorhat Sub Association, is laying the foundation for a new Cricket Academy — a space to nurture young talent, inspire dreams, and build the cricketers of tomorrow.
Join us for the Foundation Stone Ceremony on 29th August 2026, Saturday, from 4:00 PM onwards at Pachim Jorhat Sub Association Ground.
27/08/2026
Jorhat B Division Football League - Final Showdown!
THE ULTIMATE CLASH IS HERE! 🔥
Who will claim the ultimate glory? Join us for the grand Final of the Jorhat B Division Football League 🏆
Let the battle begin! Come out in numbers, support your favorite team, and witness football history unfold on the pitch. 💪⚽
27/08/2026
THE JORHAT DISTRICT U-19 GIRLS CRICKET SQUAD IS READY! 🔥
We are immensely proud to announce the powerhouse squad representing Jorhat at the Inter-District Under-19 Girls Cricket Tournament, 2026! 🏆
📍 Venue: D.N. Singha Stadium, Goalpara
🗓️ Commencing From: 31st August 2026
অসমৰ গৌৰৱ, অলিম্পিয়ান লাভলীনা বৰগোঁহাইৰ আন্তৰিক আহ্বান…
ক্ৰীড়াৰ প্ৰতি থকা আমাৰ ভালপোৱাক আৰু অধিক উজলাই তোলোঁ আহক! অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোঁহাইৰ আহ্বানক সঁহাৰি জনাই ৬০ সংখ্যক গৌৰৱোজ্জ্বল এটিপিএ শ্বিল্ড ফুটবল টুৰ্ণামেণ্টৰ প্ৰতিখন খেল উপভোগ কৰোঁ।
25/08/2026
Jorhat B Division Football League – Semi-Final Fixtures! 🔥
Come down to Jorhat Stadium, feel the energy, and cheer loud for your teams! 👇
Let the battle begin! ⚽🔥 Come in numbers and cheer for the local talent!
আহক, সকলোৱে একেলগে উপভোগ কৰোঁ ৬০ সংখ্যক গৌৰৱোজ্জ্বল এটিপিএ শ্বিল্ড ফুটবল প্ৰতিযোগিতা!
যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত তথা পৰিচালনাত যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই ৰোমাঞ্চকৰ ফুটবল মহাৰণলৈ আপোনালোক সকলোকে সাদৰ আমন্ত্ৰণ জনালোঁ। ঐতিহাসিক এই প্ৰতিযোগিতাখন সফল কৰি তুলিবলৈ আহক আমি সকলোৱে ষ্টেডিয়ামত উপস্থিত হৈ খেলুৱৈসকলক উৎসাহিত কৰোঁ।
তাৰিখ: ৫ ছেপ্টেম্বৰৰ পৰা ১৪ ছেপ্টেম্বৰ, ২০২৬ লৈ।
স্থান: যোৰহাট ষ্টেডিয়াম।
আয়োজক: যোৰহাট জিলা ক্ৰীড়া সন্থা (Jorhat District Sports Association)।
Click here to claim your Sponsored Listing.
Location
Category
Telephone
Website
Address
Jorhat