05/06/2026
Happy World Environment day
2026!🌍
🌎World Environment Day celebrated
💙Nandan kala Academy ❤️🩹
Informations de contact, plan et itinéraire, formulaire de contact, heures d'ouverture, services, évaluations, photos, vidéos et annonces de Nandan kala Academy howly, École de danse, Democratic Republic of the.
05/06/2026
Happy World Environment day
2026!🌍
🌎World Environment Day celebrated
💙Nandan kala Academy ❤️🩹
11/05/2026
11/05/2026
11/05/2026
হাউলী মধ্যবজাৰত ১৬৫ সংখ্যক ৰবীন্দ্ৰ জয়ন্তী উদযাপন
««««««««««««««««««»»»»»»»»»»»»»»»
আজি হাউলী মধ্যবজাৰ দুৰ্গা মন্দিৰ প্ৰাঙ্গণত নন্দন কলা একাডেমীৰ উদ্যোগত আৰু আন্ত:ৰাষ্ট্ৰীয় সাহিত্য-সামাজিক- সাংস্কৃতিক গোষ্ঠী ' কিঞ্চিত্ ' হাউলী শাখাৰ সহযোগত এদিনীয়া কাৰ্যসূচীৰে বিশ্বকবি ৰবীন্দ্ৰ নাথ ঠাকুৰৰ জন্মবাৰ্ষিকী উপলক্ষে ১৬৫ সংখ্যক ৰবীন্দ্ৰ জয়ন্তী উলহ-মালহেৰে উদযাপন কৰা হয় ।
কিঞ্চিত হাউলী শাখাৰ সম্পাদক তথা হাউলীৰ উদীয়মান যুৱক সুনীল কুমাৰ সাহাই আঁত ধৰা অনুষ্ঠানটিত কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰে হাউলীৰ বিশিষ্ট চিকিৎসক ডা: হৰে কৃষ্ণ সাহা, কবিগুৰু ৰবীন্দ্ৰ নাথৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্জ্বলন কৰে হাউলী পৌৰসভাৰ উপ পৌৰপতি সঞ্জয় কুমাৰ ঘোষ , কবিগুৰুৰ প্ৰতিকৃতিত পুষ্পাঞ্জলি অৰ্পণ কৰে বিশিষ্ট সমাজসেৱক তথা শিক্ষাবিদ সুকুমাৰ ঘোষে । হাউলীৰ যুৱ সমাজসেৱিকা নিপামণি কলিতাই মঞ্চ মুকলি কৰা অনুষ্ঠানত বিশিষ্ট অতিথিৰ আসন শুৱনি কৰে ক্ৰীড়া সংগঠক লক্ষীকান্ত দাস, বিশিষ্ট শিক্ষাবিদ ক্ৰমে প্ৰদীপ দাস, গজেন্দ্ৰ চন্দ্ৰ দাস, মৃণাল ভৌমিক, বিশিষ্ট সমাজকৰ্মী দিলীপ কুমাৰ সাহা , অভয় বোথৰা, ধীৰেন্দ্ৰ কুমাৰ সাহা, আৰতী তালুকদাৰ, স্বপন ৰয় , প্ৰিয়ংকা বৰঠাকুৰ, কিঞ্চিত গোষ্ঠীৰ মুখ্য সম্পাদক মানিক লাল ভৌমিক, মণিকা ভৌমিক আৰু বৰপেটা জিলা সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ মুখ্য উপদেষ্টা ৰতন কুমাৰ সেন আৰু বৰপেটা জিলা কমিটিৰ সভাপতি সুবন সাহা আৰু হাউলী পৌৰ সভাৰ প্ৰাক্তন পৌৰপতি বিনয় কুমাৰ সাহাই। সাহিত্য- সামাজিক-সাংস্কৃতিক মনোভাবাপন্ন গুনীজনৰ লগতে বিভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষা জনগোষ্ঠীৰ লোকৰ সমাবেশত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ডা: হৰেকৃষ্ণ সাহাই নিৰ্দ্দিষ্টা বক্তা হিচাপে উপস্থিত থাকি কৱিগুৰু জনাৰ জীৱনাদৰ্শন, শিক্ষা দৰ্শন আৰু সাহিত্যিক গুণাৱলীৰ ওপৰত আলোকপাত কৰি তেওঁৰ জীৱনালক্ষ্য জনসাধাৰণক অৱগত কৰা হয় যাতে তেওঁৰ কৰ্মৰাজীৰ দাৰা উদ্বুদ্ধ হৈ আমাৰ বৰ্তমান সমাজ উপকৃত হয় । উক্ত উনুষ্ঠানত হাউলী জিলা শিক্ষা আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰৱক্তা মৃণাল ভৌমিক আৰু শিক্ষাবিদ সুকুমাৰ ঘোষেও ভাষণ প্ৰদান কৰি উঠি অহা প্ৰজন্মক সঠিক পথ দেখুৱাই নন্দন কলা একাডেমীৰ এনে কাৰ্যক ভূয়সী প্ৰশংসা কৰে ।
হাউলীৰ ৰুমা সাহাৰ পৰিচালনাত ৰৱীন্দ্ৰ সংগীতৰ আধাৰত সমৱেত সংগীতেৰে আৰম্ভ হোৱা ৰৱীন্দ্ৰানুষ্ঠানত নন্দন কলা একাডেমিৰ ছাত্ৰ-ছাত্ৰীৰ লগতে হাউলী অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিশু, কণ কণ ল'ৰা-ছোৱালী, যুৱক-যুৱতী,জীয়ৰী-বোৱৰীয়ে ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ৰচিত আবৃত্তি, ৰবীন্দ্ৰ সংগীত, একক আৰু দলীয় ৰবীন্দ্ৰ নৃত্য পৰিৱেশন কৰাৰ লগতে একাডেমিৰ শিক্ষাৰ্থী সকলে নৃত্য নাটিক প্ৰদৰ্শন কৰি উপস্থিত ৰবীন্দ্ৰপ্ৰেমী ৰাইজৰ মন মোহিত কৰি তোলে। নন্দন কলা একাডেমিৰ শিক্ষাৰ্থী সকলৰ অভিভাৱক তথা হাউলীৰ জীৱৰী-বোৱাৰীৰ দ্বাৰা ৰবীন্দ্ৰ নাথৰ সংগীতৰ আধাৰত পৰিৱেশিত সমৱেত সংগীতেৰে সামৰণি পৰে।
11/05/2026