Food"e"tarian

Food"e"tarian

Share

Sharing healthy food recipes from Assam❤️

Photos from Food"e"tarian's post 16/02/2026

দেখাত fancy নহ'লেও এইসাঁজ ভাত সোৱাদ আৰু বহু গুণাগুণ সমৃদ্ধ... বাংগালুৰুত পাহাৰীয়া কলদিল আৰু তৰাগাঁজ পোৱাটোও কি ভাললগা,

আজিৰ guilt free এসাঁজত পাহাৰীয়া কলদিলৰ পিতিকা,তৰাগাজ, মানিমুনি আৰু আলুৰ শুকান ভাজি আৰু মচুৰ দাইল❤️




゚viralシviralシfypシ゚viralシalシ

Photos from Food"e"tarian's post 13/02/2026

smoked 🐷

゚viralvideo


゚viralシviralシfypシ゚viralシalシ

Photos from Food"e"tarian's post 13/02/2026

গৰমৰ দিনকেইটি আহো আহো কৰিছে, আজিৰ সাঁজত মাছৰ লগত ডিমাপুৰৰ কঁচুৰে নেমু চেপা পাতলজোল🌼

゚viralvideo



Photos from Food"e"tarian's post 12/02/2026

মোৰ পাকঘৰত যদি উত্তৰ পূব ভাৰতৰ পৰা অনা শাক পাচলি কেইটামান থাকে ‍বহুখিনি guilt free হৈ থাকো, ৰান্ধিবলৈও হেঁপাহ এটা থাকে..! ইমান ৰাষায়নিক আৰু কীটনাশক ঔষধেৰে ভৰা পাচলিবোৰ যিমান দেখিবলৈ ধুনীয়া হ'লেও খাবলৈ একেবাৰে মন নাযায় সঁচায়..

আজিৰ বীৰৰ দুপৰীয়াৰ সাঁজত আছিল ভেদাইলতা আৰু মানিমুনিৰে ৰন্ধা মাছৰ জোল আৰু দ্বিতীয় খন কাঁহিত শুকান গাহৰি খৰিছা আৰু লাইৰ থুৰিৰে লগতে মনিপুৰৰ আলতীয়া ৰঙালাওৰ ভাজি!





Photos from Food"e"tarian's post 08/01/2026

বীৰৰ ব্ৰেকফাষ্টত ষ্ট্ৰবেৰী আৰু ব্লুবেৰী পেনকেক, গ্ৰীক য়ৰ্গাট
চিকেন পোলাও আৰু এপাৰ'গাছ, গাজৰ আৰু ব্ৰুচেল স্প্ৰাউটৰ ভাজি♥️


゚viralシalシ



Photos from Food"e"tarian's post 07/12/2025

বেবী লেড উইনিং আৰু ইয়াৰ উপকাৰিতা🌸

শিশুৱে নিজে খাবলৈ শিকাটো খুব প্ৰয়োজনীয়... প্ৰতিটো খাদ‍্য হাতেৰে চুই খাদ‍্যৰ texture, কেনেকৈ চোবাব আৰু গিলিব সেয়া অনুশীলন কৰিব পাৰে আৰু ক্ৰমান্বয়ে শিকে..৬ মাহ হোৱাৰ লগে লগে finger food অৰ্থাৎ হাতেৰে ধৰি খাব পৰা যিকোনো ফল বা সিদ্ধ পাচলি দিব পাৰে..।

নিজে খাদ‍্যৰ প্ৰতি আকৰ্ষিত হ'লে বা প্ৰতিটো meal ৰ লগত connect কৰিব পাৰিলে শিশু পৰাপক্ষত picky eater নহয় আৰু খাদ‍্য মুখত লৈ নাথাকে, আৰু পাচনক্ৰীয়া ভাল হয়..।তাৰমাজতো প্ৰতিটো শিশুৰ মাজে মাজে খাদ‍্যৰ প্ৰতি অনিহা আহে, একেটা বস্তু সদায় খাব নিবিচাৰে বা মাজে মাজে খোৱা কমাব পাৰে সেয়া নৰমেল, শিশুটোৰ যদি ‍আন একো অসুখ বিসুখ সঘনাই হৈ নাথাকে, ভালকৈ খেলি ধুলি থাকে আৰু average body weight এটাত থাকে তেনে ইমান চিন্তাৰ প্ৰয়োজন নাই..।

প্ৰ'টিন শিশুৰ বৃদ্ধি আৰু বিকাশত খুব প্ৰয়োনয়ীয় দেইলি ডায়েটত শিশুৰ প্ৰ'টিন, ভিটামিন, মিনাৰেল আৰু ফাইবাৰ আৰু healthy fat থকাটো খুব দৰকাৰী..।

সময়ৰ অভাৱ হ'লে এইদৰে পনীৰ, কনী, বিভিন্ন শাক পাচলি সকলো সামান‍্য বাটাৰত saute কৰি ভাতকেইটামান লগতে দি খুৱাব পাৰে।





Photos from Food"e"tarian's post 02/12/2025

সদায় ৰান্ধি আছো আমিষ বা নিৰামিষ কিন্তু প্ৰতিবাৰেই ফটো তুলিবলৈ ইচ্ছা নাযায়... ফটো তুলিবলৈও এক আৱেগ লাগে এক নষ্টালজীয়া নাইবা এক কাহিনী লাগে...! শীতকালটো সঁচাকৈয়ে নষ্টালজীয়া আৰু আৱেগৰ সময়... বাংগালুৰুতো সন্তপৰ্ণে ঠাণ্ডা নামিছে এইকেইদিন সৰ্বনিম্ন তাপমাত্ৰা ১৮ বা ১৭ ডিগ্ৰী চেলচিয়াচলৈ নামিছে.. ফেৰফেৰীয়া বতাহজাকৰ বাবে আচল temperature তকৈ ২/৩ ডিগ্ৰী কমিযায়... এই যে পুৱতি নিশা কম্বলখন আৰু অকণ টানি কাণ মুৰ ঢাকি শুব মন যায় সেই অনুভৱ হৈছে...! পুৱা ৰ'দকণ পিঠিতে লৈ যেন বহিম অলপ কিন্তু ইয়াত এইকেইদিন ৰ'দ ভালদৰে দিয়া নাই আৰু এশ এবুৰি পুৱাৰ কাম লৈ ক'ত আৰু সম্ভৱ..।

এনে দিনত আজি পুৱাই মন গ'ল ধোঁৱাই থকা মূলা দিয়া এখন দাইল, সৰহকৈ ধনীয়া দিয়া আলু পিতিকা অকণ, বিলাহী পুৰা অকণ আৰু বেঙনাভজা.... আহ! মোৰ অসমৰ শীতক বুকুত লৈ সাধাৰণ হ'লেও আৱেগৰ এসাঁজ♥️





Want your business to be the top-listed Gym/sports Facility in Bangalore?

Click here to claim your Sponsored Listing.

Location

Website

Address

Bangalore